ৰভিং ৰবট: আমাজনে ইউভি লাইট বাল্বেৰে আবৃত এটা ৰবটৰ ডিজাইন কৰিছে – Roving Robot: Amazon has Designed a Robot Covered in UV Light Bulbs

Tech প্ৰযুক্তি (Technology) শেহতীয়া খবৰ

আমাজনে (Amazon) হোল ফুডছৰ ষ্ট’ৰ আৰু গুদামৰ বাবে নিৰ্মাণ কৰি উলিয়াইছে নভেল ক’ৰ’না ভাইৰাছক মাৰিব পৰাকৈ ইউভি (UV) লাইট নিৰ্গত ৰবট।
অধ্যয়নত দেখা গৈছে যে অতিবেঙুনীয়া পোহৰে ভাইৰাছ আৰু বীজাণু নিধন কৰিব পাৰে। কলম্বিয়া বিশ্ববিদ্যালয় (Columbia University) ৰ গৱেষকসকলে বৰ্তমান কৰ’না ভাইৰাছৰ বিৰুদ্ধে ইউভি পোহৰৰ ফলপ্ৰসূতা পৰীক্ষা কৰি আছে।

আমাজনে নিৰ্মাণ কৰা ৰবটটো অতিবেঙুনীয়া পোহৰেৰে নভেল ক’ৰ’না ভাইৰাছক মাৰিব পৰাকৈ ডিজাইন কৰা হৈছে। ৰবটটোৰ ৰূপটো অলপ হোটেলৰ লাগেজ কাৰ্টৰ দৰে, ইয়াৰ তলত আয়তাকাৰ চকাযুক্ত ওখ ধাতুৰ ফ্ৰেম এটা সংলগ্ন কৰা হৈছে। ফ্ৰেমৰ এটা ফালে কমেও ১০টা অতিবেঙুনীয়া টিউব লাইট লগোৱা হৈছে। চিবিএছ নিউজৰ “৬০ মিনিট”ৰ সৈতে শ্বেয়াৰ কৰা এটা ভিডিঅ’ত ৰবটটোৱে হোল ফুডছৰ ষ্ট’ৰৰ ফ্ৰীজৰ আইলেণ্ডৰ পৰা তললৈ গুৰি হৈ ফ্ৰীজৰ দুৱাৰত ইউভি পোহৰৰ লক্ষ্য লৈছে।
গুদাম আৰু হোল ফুডছৰ দোকানত এই ৰবটটো ব্যৱহাৰ কৰি খাদ্য, পেকেজিং, দুৱাৰৰ হেণ্ডেল আদি পৃষ্ঠত ভাইৰাছক হত্যা কৰিব পৰা যাব। আমাজনৰ মুখপাত্ৰ ক্ৰীষ্টেন কিছে কয় যে কোম্পানীটোৰ ৰবটিক্স গ্ৰুপে ইউভি ৰবটটোৰ ডিজাইন আৰু পৰীক্ষা কৰি আহিছে।