মানুহে তেওঁলোকৰ লক্ষ্যত উপনীত হ’ৱ নোৱাৰাৰ ১০টা মূখ্য কাৰণ (10 Main Reasons People Can’t Achieve their Goals)

ছাত্ৰ-ছাত্ৰীৰ বাবে (Students) জীৱন শৈলী শেহতীয়া খবৰ

যেতিয়া লক্ষ্য প্ৰাপ্তিৰ কথা আহে, বেছিভাগ লোকে ইয়াক গুৰুত্ব সহকাৰে নলয়। তেওঁলোকে তোমাক প্ৰাপ্ত কৰিব বিচৰা সকলো লক্ষ্যৰ কথা ক’ব, কিন্তু তেওঁলোকৰ লক্ষত উপনীত হবলৈ কৰিবলগীয় কামতকৈ তেওঁলোকৰ কথা-বতৰাহে সদায় অধিক উচ্চস্বৰৰ হয়।

চি.জি. জং(C.G. Jung)এ কৈছে,
“তুমি সেইজন ব্যক্তি যি কৰি দেখুওৱা, তুমি যি কৰিম বুলি কোৱা সেইজন নহয়।”

মানুহে তেওঁলোকৰ লক্ষ্যত উপনীত হ’ব নোৱাৰাৰ ১০ টা সচৰাচৰ কাৰণ তলত দিয়া হৈছে। এই কাৰণবোৰ অধ্যয়ন কৰা আৰু প্ৰতিটোৰ আঁৰত থকা সফলতাৰ নীতিবোৰ প্ৰয়োগ কৰা।

১) তেওঁলোকে লক্ষ্যবোৰ নিৰ্দিষ্টকৈ (Specific) ঠিক নকৰে

মানুহে তেওঁলোকৰ লক্ষ্যত উপনীত হ’ব নোৱাৰাৰ এটা মুখ্য কাৰণ হ’ল তেওঁলোক এক নিৰ্দিষ্ট(Specific) লক্ষ্য ঠিক কৰি লব নোৱাৰাতো। যেতিয়া তুমি তেওঁলোকক সুধিবা যে তেওঁলোকে তেওঁলোকৰ জীৱনত কি প্ৰাপ্ত কৰিব বিচাৰে, তেওঁলোকে তোমাক অস্পষ্ট আৰু কিছুমান সাধাৰণ ইচ্ছাৰ কথা কব, যেনে তেওঁলোকে ধনী হ’ব বিচাৰে বা তেওঁলোকে সুখী হ’ব বিচাৰে।
তুমি জানানে যে, অস্পষ্ট লক্ষ্যই অস্পষ্ট ফলাফলহে দিব পাৰে? আৰু তোমাৰ স্পষ্ট লক্ষ্যই তোমাৰ লক্ষ প্রাপ্তিৰ ৰণনীতিক প্ৰভাৱিত কৰিব?’
মাহে 10,000 টকা উপাৰ্জন কৰাৰ কৌশল আৰু মাহে 10,00,000 টকা উপাৰ্জন কৰাৰ কৌশল সম্পূৰ্ণ পৃথক। সেয়েহে, যদি তোমাৰ লক্ষ্য নিৰ্দিষ্ট নহয়, তুমি সেইটো কৃতকাৰ্য্যৰ্তাৰে উপনীত হবলৈ এক নিৰ্দিষ্ট কাৰ্য্য পৰিকল্পনা সৃষ্টি কৰিব নোৱাৰা।
তুমি কৰিব লগা প্ৰথম কামটো হ’ল তোমাৰ লক্ষ্যবোৰ যিমান সম্ভৱ নিৰ্দিষ্ট হোৱাটো নিশ্চিত কৰা।

২) তেওঁলোকৰ সন্দেহ(Doubts) থাকে

ইয়াৰ পিছত, লোকসকলৰ প্ৰায়ে তেওঁলোকৰ লক্ষ্যৰ ওপৰত সন্দেহ থাকে আৰু তেওঁলোকে তেওঁলোকৰ সামৰ্থ্যত বিশ্বাস নকৰে। তেওঁলোকে এটা লক্ষ্য নিৰ্ধাৰণ কৰে আৰু তাৰ পিছত তেওঁলোকে ভুল হ’ব পৰা সকলো বোৰ কথা কল্পনা কৰে আৰু নিজকে সোধে, “মই বিফল হ’লে কি হ’ব?”
যেতিয়া তোমাৰ সন্দেহ হয় বা তুমি নিজৰ ওপৰত বিশ্বাস নাৰাখা, তুমি যি বিচাৰা তাৰ বাবে তোমাৰ সৰ্বাধিক শক্তি প্রয়োগ নকৰিবা আৰু লক্ষ্যত উপনীত হোৱাৰ সম্ভাৱনা কেতিয়াও আশা কৰিব নোৱাৰিবা। চিন্তা কৰি চোৱা, তুমি যদি কিবা এটা সামগ্রীৰ উৎপাদনৰ কথা ভাবিছা আৰু যদি তোমাৰ সামগ্ৰীটোৱে ভাল প্ৰদৰ্শন কৰিব পাৰিব বুলি তোমাৰ সন্দেহ হয়, তুমি ভাবানে যে, তুমি সেই সামগ্ৰীটোৰ প্ৰচাৰ বা বিক্রীৰ কাৰণে মানুহৰ ওচৰলৈ যাবা।
ষ্টিভ জবচ(Steve Jobs), ৰিচাৰ্ড ব্ৰেনছন(Richard Branson), ইলন মাস্ক(Elon Musk), আদিয়ে সদায় তেওঁলোকৰ ব্যৱসায় বা সামগ্ৰীৰ ওপৰত আৰু সেই সামগ্ৰীয়ে দিব পৰা সেৱাৰ ওপৰত বিশ্বাস ৰাখিছিল, সেয়েহে তেওঁলোকে তেওঁলোকৰ ব্যৱসায়ত কোটি-কোটি টকা বিনিয়োগ কৰিবলৈ ইচ্ছুক হৈছিল আৰু সফলো হৈছে। যদিহে তেওঁলোকৰ নিজৰ ব্যৱসায়ৰ বিষয়ে সন্দেহ থাকিলে হয়, তেনেহলে তেওঁলোকে কেতিয়াও সাহসী পদক্ষেপ ল’ব নোৱাৰিলে হয় আৰু তেওঁলোকৰ সপোনবোৰ সাৰ্থক কৰি তুলিবলৈ সকলো প্রকাৰৰ চেষ্টা নকৰিলেহেঁতেন।
তুমি নিজৰ ওপৰত আৰু তোমাৰ লক্ষ্যত উপনীত হোৱাৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখিব লাগিব।

৩) তেওঁলোকে লক্ষ্য প্রাপ্তিৰ বাবে কাম কৰা নাই

মানুহে তেওঁলোকৰ লক্ষ্যত উপনীত হ’বলৈ বিফল হোৱাৰ এইটো এটা সচৰাচৰতে দেখা কাৰণ। তেওঁলোকে কয় যে, তেওঁলোকে তেওঁলোকৰ লক্ষ্য প্ৰাপ্ত কৰিব বিচাৰে কিন্তু তেওঁলোকে ইয়াৰ প্রাপ্তিৰ ওপৰত একো কাম নকৰে। তেওঁলোকৰ সকলো কাম পিছুৱাই থোৱাৰ অভ্যাস আৰু তেওঁলোকে কোনো পদক্ষেপো নলয়।
তুমি বুজিব লাগিব যে, একমাত্র কাৰ্য্যইহে ফলাফল দিয়ে, আৰু যদি তুমি ফলাফল বিচাৰা, তুমি লক্ষ্য প্রাপ্তিৰ বাবে কাম কৰিবই লাগিব বা পদক্ষেপ ল’বই লাগিব।
বেছিভাগ মানুহে টিভি চাই বা অদৰকাৰত ইণ্টাৰনেট চাৰ্ফ কৰি সময় নষ্ট কৰে আৰু তেওঁলোকৰ সপোন আৰু লক্ষ্য আগত ৰাখি কাম কৰিবলৈ সময় উলিয়াব নোৱাৰে। তুমি লক্ষ্যত উপনীত হ’বলৈ তোমাৰ বাবে কি আটাইতকৈ গুৰুত্বপূৰ্ণ তাৰ বাছনি কৰি তাৰ ওপৰত কাম কৰিব লাগিব।
টিভি চোৱা বা ইণ্টাৰনেট চাৰ্ফিং কৰি সময় অপচয় কৰাটোৱে লক্ষ্যত উপনীত হ’বলৈ সহায় নকৰে। প্ৰতিদিনে, তুমি তোমাৰ লক্ষ্যত উপনীত হ’বলৈ কমেও এটা পদক্ষেপ লোৱাৰ সিদ্ধান্ত লোৱা আৰু অলপ অলপকৈ লক্ষ্যত উপণীত হ’বলৈ আগবাঢ়ি যোৱা।

৪) তেওঁলোকৰ লক্ষ্যবোৰ অনুপ্ৰেৰিত নহয়


টনি ৰবিন্সে(Tony Robbins) কৈছে,
“মানুহবোৰ অলস নহয়। তেওঁলোকৰ কেৱল অক্ষম বা অনিৰ্দিষ্ট লক্ষ্য আছে – অৰ্থাৎ তেওঁলোকক অনুপ্ৰাণিত নকৰা লক্ষ্য।”

তোমাৰ লক্ষ্যবোৰ উৎসাহিত কৰিব পৰা বিধৰ হয়নে? বা অনুপ্ৰেৰণাদায়ক হয়নে? যদি তোমাৰ লক্ষ্যবোৰ তোমাৰ বাবে ৰোমাঞ্চকৰ নহয়, তুমি কেতিয়াও উপযুক্ত পদক্ষেপ ল’ব নিবিচাৰিবা আৰু তোমাৰ কেতিয়াও ইয়াৰ ওপৰত কাম কৰাৰ অনুপ্ৰেৰণা নাথাকিব।
যদি তুমি তোমাৰ লক্ষ্যবোৰ অনুপ্ৰেৰিত কৰিব বিচাৰা, তুমি সেইবোৰ কিয় প্ৰাপ্ত কৰিব বিচাৰা তাৰ শক্তিশালী আৰু আৱেগিক কাৰণবোৰ তোমাৰ লক্ষ্যৰ লগত সংযুক্ত কৰিব লাগিব। তোমাৰ লক্ষ্য প্ৰাপ্ত কৰাৰ কাৰণবোৰ তোমাৰ অনুপ্ৰেৰণাক ইন্ধন যোগোৱলৈ চালিকা শক্তি হৈ পৰিব।
যেতিয়া তুমি লক্ষ্য সম্পৰ্কে যথেষ্ট উদ্বিগ্ন হোৱা, তুমি যিয়েই নহওঁক কিয় ইয়াৰ ওপৰত কাম কৰিবা। সেয়েহে, তুমি জীৱনত যি বিচাৰা সেয়া কিয় প্ৰাপ্ত কৰিব বিচাৰা তাৰ কাৰণসমূহ বিস্লেষণ কৰি বুজি লোৱা। তোমাৰ এই কাৰণবোৰ শক্তিশালী আৰু আৱেগিক কৰা, যাতে তোমাক অনুপ্ৰেৰণাৰ প্ৰয়োজন হ’লে সেইবোৰে তোমাক গতি প্রদান কৰিব পাৰে।

৫) তেওঁলোক প্ৰতিশ্ৰুতিবদ্ধ নহয়

সফল লোকসকল তেওঁলোকৰ সপোন আৰু তেওঁলোকৰ লক্ষ্যৰ প্ৰতি ১০০ শতাংশ প্ৰতিশ্ৰুতিবদ্ধ। তেওঁলোকে তেওঁলোকৰ সপোনবোৰ পাবলৈ যি লাগে সেয়া কৰিবলৈ প্রস্তুত। আনহাতে, অসফল লোকসকলে তেওঁলোকৰ সপোনৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ নহয় বাবে অলাগতিয়াল, সহজ কামবোৰহে কৰিব খোজে।
বেছিভাগ মানুহে ভাবে যে, একো কাম নকৰিলেও সকলো ঠিকে চলি থাকিব। যেতিয়া তেওঁলোকে তেওঁলোকৰ লক্ষ্যত উপনীত হ’বলৈ বিফল হয়, তেতিয়াও তেওঁলোকে একো দুখ অনুভৱ নকৰে। তেওঁলোকে তেওঁলোকৰ লক্ষ্যত উপনীত নহলেও জীয়াই থাকিব পাৰিব আৰু সুখেৰে থাকিব পাৰিব বুলি বিশ্বাস হয়। এইকাৰণে, বেছিভাগ মানুহে তেওঁলোকৰ লক্ষ্য প্ৰাপ্ত কৰিব পৰা নোৱৰে।
সেয়েহে, তুমি তোমাৰ জীয়াই থকাৰ মানদণ্ড সেই অনুপাতে বঢ়াব লাগিব যাতে তোমাৰ লক্ষ্যত উপনীত হোৱাটো অতি আৱশ্যকীয় হৈ পৰে। যেতিয়া কিবা এটা ‘অতি দৰকাৰী’ হৈ পৰে, তুমি সেইটো পাবলৈ যি দায়িত্ব পালন কৰিব লাগে সেয়া লবা আৰু সেইমতে কাম কৰিবা।
তুমি নিজকে এনে এক পৰিবেশত খাপ খুৱাই ৰাখা য’ত প্ৰতিশ্ৰুতি অতি উচ্চ হয় আৰু তুমি কোনো প্রকাৰে লক্ষ্যৰ পৰা পিছুৱাই আহিব নোখোজা। যেতিয়া তুমি এনেকুৱাকৈ নিজকে প্রস্তুত কৰিবা, তুমি তোমাৰ লক্ষ্যত উপনীত হবলৈ যিমান শক্তি বা পৰিশ্রমৰ প্রয়োজন সকলো কৰিবা আৰু লক্ষ্য প্রাপ্তি হ’বই।

৬) তেওঁলোকে তীক্ষ্ণ মনোনিবেশ যোগ নিদিয়ে

তোমাৰ সপোনত উপনীত হোৱা আৰু তোমাৰ লক্ষ্য প্ৰাপ্ত কৰাটো নিৰ্ভৰ কৰে সঠিক বা দৰকাৰী কাম কৰাত গুৰুত্ব দিয়াটোত। তুমি বহুতো লক্ষ্য লৈ আগবাঢ়িব পাৰা, কিন্তু তুমি আটাইতকৈ গুৰুত্বপূৰ্ণ লক্ষ্যটো চিনাক্ত কৰি সেইটোত উপনীত হোৱাত কাৰ্য্যকৰী ব্যৱস্থা হাতত ল’ৱ লাগিব।
যদি তুমি সকলো ধৰণৰ ব্যৱসায় কৰিব খোজা আৰু কোনোটোৰ ওপৰতে প্রয়োজনীয় দক্ষতা অৰ্জন কৰিব নোৱাৰা তেন্তে তুমি বিফল হ’বাই। দহটা অষ্পষ্ট লক্ষ্য থকাতকৈ, এটা ষ্পষ্ট আৰু সম্পূৰ্ণ লক্ষ্য থকাটো বহুগুণে ভাল।
তুমি যদি সকলো সফল লোকৰ কাহিনী অধ্যয়ন কৰা, তুমি লক্ষ্য কৰিবা যে তেওঁলোকে যি কামেই কৰে তাৰ ওপৰত তেওঁলোকে অত্যন্ত মনোনিৱেশ কৰে। সফল লোকসকলে জীৱনত উল্লেখনীয় ফলাফল লাভ কৰিবলৈ সক্ষম কিয়নো তেওঁলোক সৰ্বশ্ৰেষ্ঠ। আৰু তেওঁলোক সৰ্বশ্ৰেষ্ঠ হোৱাৰ কাৰণ হ’ল যে তেওঁলোকে যেতিয়া কোনো কাম হাতত লয়, তেওঁলোকে তেতিয়া সেই কামত সম্পূৰ্ণ মনোনিবেশ কৰি অত্যাধিক দক্ষতা আয়ত্ত কৰাত গুৰুত্ব দিয়ে।
গতিকে, তুমি তোমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু আৱশ্যকীয় ফলাফল দিব পৰা লক্ষ্য চিনাক্ত কৰা। তাৰপিছত, ইয়াক প্ৰাপ্ত কৰাৰ কাৰণে কাৰ্য্যপন্থা ঠিক কৰি আৰু অধিকতৰ মনোনিৱেশ কৰি দক্ষতা অৰ্জন কৰা। তুমি সফল হ’বাই।

৭) তেওঁলোকে অত্যাধিক অজুহাত দিয়ে

তুমি হয়তো বহুতবাৰ মানুহে কোৱা শুনিছা যে, অৰ্থনীতি বেয়া, সময়ৰ অভাৱ, পৰিস্থিতি বেয়া, বস্তুবোৰ পোৱাটো কঠিন, কামবোৰ জটিল, সহায়ৰ অভাৱ, টকা-পইচাৰ টনাটনি, বা প্ৰতিযোগিতা অত্যাধিক বেছি ইত্যাদি ইত্যাদি।
এইবোৰ অসফল লোকৰ দ্বাৰা দিয়া অজুহাত। যদি অৰ্থনীতি বেয়া হয় তেন্তে কি হ’ব? তুমি অৰ্থনীতি সলনি কৰিব নোৱাৰা, সেয়েহে তুমি ইয়াক গ্ৰহণ কৰিব লাগিব আৰু তাৰ পিছত ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ এক উন্নত ৰণনীতি বা কৌশল উদ্ভাৱন কৰিব লাগিব। ঠিক তেনেকে, বেয়া পৰিস্থিতিৰ ওপৰতো আমাৰ বহুসময়ত নিয়ণ্ট্রন নাথাকে। এনেকুৱা বহু সফল ব্যক্তি আছে যি একেবাৰে শূণ্য অৱস্থাৰ পৰা পৃথিৱীৰ একোএকোজন বিখ্যাত ব্যক্তিত নিজকে ৰূপান্তৰ কৰিছে।
যেতিয়া তুমি অত্যাধিক অজুহাত দিয়া, তুমি অৱশেষত সেইবোৰৰ দ্বাৰা বশীভূত হ’বা। এইবোৰে তোমাক আগবাঢ়ি যোৱাত বাধা দিব আৰু গতি সীমিত কৰি দিব।
সদায়ে মনত ৰাখিবা, যে সফল লোকসকলে কঠোৰ পৰিশ্ৰম কৰে আৰু আগবাঢ়ি যায়, আনহাতে অসফল লোকসকলে লক্ষ্য প্রা্প্তিতকৈ যিকোনো কথা বা কামৰ ওপৰত অজুহাত আৰু দোষাৰোপ কৰি সময় পাৰ কৰে।

৮) তেওঁলোকে বিফলতা কেনেদৰে নিয়ন্ত্রণ কৰিব লাগে নাজানে

তুমি হয়তো বহুসময়ত মানুহক এটা কোম্পানীৰ পৰা আনএটা কোম্পানীলৈ জঁপিয়াই পৰা আৰু এটা ব্যৱসায়ৰ পৰা আনএটালৈ সলনি কৰা দেখিছা।
যেতিয়া তেওঁলোকে ব্যৱসায় এটা চেষ্টা কৰে আৰু তেওঁলোকে ফলাফলটো দেখা নাপায়, তেওঁলোকে ব্যৱসায়টো সলনি কৰি বেলেগ এটা নতুনকৈ আৰম্ভ কৰে বা আন এটা কোম্পানীলৈ যায়।
বেছিভাগ মানুহে তেওঁলোকৰ বিফলতা কেনেদৰে মোকাবিলা কৰিব লাগে সেইটো নাজানে আৰু তেওঁলোকৰ আগবাঢ়ি যোৱাৰও কোনো সংকল্প নাথাকে । যেতিয়া তেওঁলোকে কিবা এটা কাম হাতত লয় আৰু তেওঁলোকে কামটোৰ পৰা কোনো ফলাফল দেখা নাপায়, তেওঁলোকে হতাশ হয় আৰু হাৰ মানি অন্য কামটো অনুসৰণ কৰিবলৈ আগবাঢ়ি যায়।
লক্ষ্য নিৰ্ধাৰণৰ ক্ষেত্ৰতো একেই হয়। মানুহে তেওঁলোকৰ লক্ষ্যত উপনীত হ’বলৈ ব্যৰ্থ হয় কাৰণ তেওঁলোকে বিফলতা কেনেদৰে মোকাবিলা কৰিব লাগে নাজানে। যেতিয়া তেওঁলোকে অসুবিধাৰ সন্মুখীন হয় বা কোনো ফলাফল নাপায় তেতিয়া তেওঁলোক হতাশ হয় আৰু তেওঁলোকে লক্ষ্য ত্যাগ বা পৰিৱৰ্তন কৰিবলৈ বিচাৰে।
তুমি বুজি লোৱা যে বিফলতাবোৰ হৈছে তোমাৰেই কামৰ প্ৰতিক্ৰিয়া। সেইবোৰ হৈছে কিছুমান শিক্ষা বা অভিজ্ঞতা যিয়ে তোমাক সফলতাৰ সঠিক পথ দেখুৱাব। গতিকে, বিফল হলে তাৰপৰা শিক্ষা লৈ লক্ষ্য প্রাপ্তিৰ বাবে আগবাঢ়ি যোৱা।

৯) সিহঁত অনবৰতে অন্যমনস্ক হৈ পৰে

মানুহে তেওঁলোকৰ লক্ষ্য প্ৰাপ্ত কৰাত ব্যৰ্থ হোৱাত ‘অন্যমনস্কতা’ আন এটা সাধাৰণ কাৰণ। তেওঁলোকে এটা লক্ষ্য নিৰ্ধাৰণ কৰে আৰু তেওঁলোকে নিজকে কয় যে তেওঁলোকে এই লক্ষ্যত উপণীত হবলৈ যি কৰিব লাগে সেয়া কৰিব, কিন্তু অলপ সময়ৰ পিছতে, তেওঁলোকে আন কাম বা বস্তুৰ দ্বাৰা বিচলিত হয় আৰু তেওঁলোকে তেওঁলোকৰ লক্ষ্যৰ বিষয়ে পাহৰি যায়।
এইকাৰণে তুমি নিৰ্ধাৰণ কৰা লক্ষ্যৰ প্রতি মনোনিৱেশ কৰাটো যথেষ্ট গুৰুত্বপূৰ্ণ আৰু তুমি চেষ্টা নকৰাকৈয়ে নিজকে এটা লক্ষ্যৰ পৰা পৰৱৰ্তী আন এটা লক্ষ্যলৈ জপিওৱা উচিত নহয়।
সফলতাৰ বাবে সময়ৰ প্ৰয়োজন আৰু তুমি তোমাৰ লক্ষ্যত উপনীত হ’বলৈ কিছু সময় লাগিব পাৰে। যেতিয়া তুমি বিচৰা ফলাফল পোৱাত বিফল হোৱা, ইয়াৰ অৰ্থ এইটো নহয় যে, তোমাৰ লক্ষ্যবোৰ স্থিৰ কৰাত গুৰুত্ব দিব নালাগে। তুমি যদি লক্ষ্যবোৰ সঠিক ভাবে স্থিৰ কৰা তাৰ ফলাফল পাবাই।
গতিকে বিচলিত নহ’বা আৰু তুমি সফল নোহোৱালৈকে তোমাৰ লক্ষ্যৰ ওপৰত কাম কৰি গৈ থাকা।

১০) তেওঁলোকে অতি সোনকালে লক্ষ্যপথ এৰি দিয়ে

মাইকেল জৰ্ডানৰ মতে,
“লক্ষ্যপথত যদি তুমি এখন দেৱালৰ সম্নুখীন হোৱা, তুমি ঘূৰি নাযাবা আৰু লক্ষ্যপথ এৰি নিদিবা। ইয়াক কেনেদৰে বগাব লাগে, ইয়াৰ মাজেৰে যাব লাগে, বা ইয়াৰ চাৰিওফালে কাম কৰিব লাগে জানি লোৱা।”

বেছিভাগ লোকে অসুবিধা আৰু বিফলতাৰ সন্মুখীন হ’লে অতি সোনকালে লক্ষ্যপথ এৰি দিয়ে। তেওঁলোকে উপায় বিচাৰি উলিওৱাৰ পৰিৱৰ্তে আৰু তেওঁলোকে যি বিচাৰে সেয়া পাবলৈ তেওঁলোকৰ ৰণনীতি উন্নত কৰাৰ পৰিৱৰ্তে, তেওঁলোকৰ লক্ষ্য আৰু সপোনবোৰ এৰি দিবলৈহে ইচ্ছা কৰে।


অৱশেষত, মনত ৰাখিবা। তুমি তোমাৰ সপোন বোৰ জীয়াই ৰাখা, তোমাৰ লক্ষ্যত উপনীত হোৱা, জীৱনত সফলতা অৰ্জন কৰা, এই সকলোবোৰ একেবাৰে সহজ হ’ব পাৰে, যদিহে তুমি এটা সুন্দৰ-সুখী জীৱন আশা কৰা। ইয়াৰ বাবে প্ৰয়োজনীয় পৰিশ্ৰম কৰিবলৈ প্রস্তুত হ’ব লাগিব। তাৰোপৰি, তুমি লক্ষ্য এৰি নিদিয়াকৈ, আহিব পৰা কঠিন সময় আৰু পৰিস্থিতিৰ মাজেৰে সাহসেৰে পাৰ হবলৈ নিজকে প্রস্তুত কৰি তুলিব লাগিব। ওপৰত আলোচনা কৰা বিফলতাৰ কাৰণবোৰ আতৰাব পাৰিলে তুমি তোমাৰ লক্ষ্যত উপণীত হবাই হবা।