এজন ভদ্ৰলোকে হাতীৰ শিবিৰ এটাৰ মাজেৰে খোজ কাঢ়ি গৈ আছিল, আৰু তেওঁ দেখিলে যে হাতীবোৰক পিঞ্জৰাত ৰখা হোৱা নাই বা শকত শিকলিৰেও টানকৈ বান্ধি ৰখা হোৱা নাই।
শিবিৰৰ পৰা পলায়ন কৰিবলৈ হাতীবোৰক বাধা দিবলৈ মাথোঁ, তেওঁলোকৰ এখন ভৰিত সৰু ৰছীৰ টুকুৰা এডালেৰেহে মাত্র বান্ধি থোৱা আছিল।
মানুহজনে হাতীবোৰলৈ চাই সম্পূৰ্ণ আচৰিত হৈ পৰিল আৰু মনত প্রশ্ন জাগিল যে কিয় হাতীবোৰে কেৱল নিজৰ প্রচণ্ড শক্তি ব্যৱহাৰ কৰি ৰছীডাল চিঙি শিবিৰৰ পৰা পলায়ন কৰা নাই। সিহঁতে সহজেই সেইটো কৰিব পাৰিলেহেঁতেন, কিন্তু তাৰ পৰিৱৰ্তে, সিহঁতে একেবাৰেই চেষ্টা নকৰি তাতেই আছে।
কৌতুহল হৈ উত্তৰটো জানিব বিচাৰি তেওঁ ওচৰৰ এজন প্ৰশিক্ষকক সুধিলে যে কিয় হাতীবোৰ শিবিৰতে কেৱল আছে আৰু কেতিয়াও পলাবলৈ চেষ্টা কৰা নাই।
প্ৰশিক্ষকে উত্তৰ দিলে;
“যেতিয়া হাতীবোৰ অতি সৰু আছিলে, আমি সিহঁতক বান্ধিবলৈ একে আকাৰৰ ৰছী ব্যৱহাৰ কৰিছিলো আৰু, সেই বয়সত, সিহঁতক ধৰি ৰাখিবলৈ সেই সৰু ৰছীডালেই যথেষ্ট আছিল। ডাঙৰ হোৱাৰ লগে লগে হাতীবোৰক এইটো বিশ্বাস কৰিবলৈ দিয়া হয় যে সিহঁতে ৰছীডাল ছিঙিব নোৱাৰে। হাতীবোৰৰ মতে ৰছীডালে এতিয়াও সিহঁতক ধৰি ৰাখিব পাৰে, গতিকে সিহঁতক কেতিয়াও মুক্ত হ’বলৈ চেষ্টা নকৰে।”
হাতীবোৰে মুক্ত হৈ শিবিৰৰ পৰা পলায়ন নকৰাৰ একমাত্ৰ কাৰণটো আছিল যে সময়ৰ লগে লগে সিহঁতে এই বিশ্বাসটো গ্ৰহণ কৰি লৈছিল যে ই একেবাৰেই সম্ভৱ নহয়।
কাহিনীটোৰ নৈতিকতা:
পৃথিৱীখনে আপোনাক যিমানেই বাধা দিবলৈ চেষ্টা নকৰক কিয়, আপুনি যিখিনি জীবনত লাভ কৰিব বিচাৰে সেয়া সম্ভৱ বুলি সদায় বিশ্বাস কৰি আগবাঢ়ি যাওক। আপুনি সফল হ’ব পাৰে বুলি বিশ্বাস কৰাটোৱেই হৈছে প্ৰকৃততে ইয়াক লাভ কৰাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পদক্ষেপ।